Bauli 2.0 Lyrics: The song is sung by Gautam Kalita. The Assamese song Bauli 2.0 lyrics is written by Ritumoni Bordoloi and has music by Dhruv Thakuria.
Bauli 2.0 Lyrics
কেতিয়াবা নিজানতে
তোমালে মনত পৰিলে
এনে লাগে তুমি মোৰ কাষতেই
মিচিকীয়া তোমাৰ হাঁহিটিত
আৰু তোমাৰ মিঠা চাৱনিত
বাৰে বাৰে হয় মন বাউলি
মোৰ এই অবুজন মনটিৰ কত যে ভাৱনা
মই নকলেও তুমিটো চাগে বুজি পোৱা
দূৰে দূৰে থাকিলেও তুমি যে মোৰ বুকুতে থাকা
কিমান যে ভালপাওঁ তোমাক তুমি জানো জানা
কেতিয়াবা নিজানতে তোমালে মনত পৰিলে
এনে লাগে তুমি মোৰ কাষতেই
মিচিকীয়া তোমাৰ হাঁহিটিত
আৰু তোমাৰ মিঠা চাৱনিত
বাৰে বাৰে হয় মন বাউলি
লাজুকি চাৱনি তোমাৰে মুখনিত
জিলিকি উঠিছে কিয়নো আজি
কিহৰে ৰাগি সানিলা তুমি
নোৱাৰা হ’লো থাকিব তোমাক এৰি
ভাৱনাও যেতিয়া হয় বুজাব নোৱাৰা
কিদৰে নো বুজাও কোৱানা
কঁপি উঠা হিয়াৰে ভাষা
জানোচা তুমিও বুজা
ক’ব খুজে মনে তোমাক বহু কথা
কেতিয়াবা নিজানতে তোমালে মনত পৰিলে
এনে লাগে তুমি মোৰ কাষতেই
মিচিকীয়া তোমাৰ হাঁহিটিত
আৰু তোমাৰ মিঠা চাৱনিত
বাৰে বাৰে হয় মন বাউলি
Bauli 2.0 Song Video
Bauli 2.0 Song Info:
Assamese Song: Bauli 2.0
Singer: Gautam Kalita
Music: Dhruv Thakuria
Lyrics: Ritumoni Bordoloi