Duronir Paharor Lyrics by Nilotpal Bora
Duronir Paharor Lyrics: The song is sung by Nilotpal Bora. The Assamese song Duronir Paharor lyrics is written by Nilotpal Bora and has music also given by Nilotpal Bora.
Duronir Paharor Song Credits:
Assamese Song: Duronir Paharor |
Singer: Nilotpal Bora |
Music: Nilotpal Bora |
Lyrics: Nilotpal Bora |
Duronir Paharor Lyrics
দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰ’দালিত
মনে মোৰ নদী হৈ আকাশলৈ চায়।
পাহাৰীয়া বতাহৰ সুমথিৰা আবেলিত
মনে মোৰ কহুৱা হৈ হালি জালি চায়।
দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে….
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
অ’ বেলি ঘৰমুৱা হ’লি
জোন তৰাৰ খিলিমিলি হাঁহিত
অচিনা নিয়ৰৰ গধুলি নিজানৰ সুহুৰি বজালি
ৰিণিৰিণি দূৰণিত অ আ ক খ ৰ কিৰিলি
জোনাকত কবিতা হৈ ফুলে ।
ৰিণিৰিণি দূৰণিত অ আ ক খ ৰ কিৰিলি
জোনাকত কবিতা হৈ ফুলে ।
দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে….
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰ’দালিত
মনে মোৰ নদী হৈ আকাশলৈ চায়।
পাহাৰীয়া বতাহৰ সুমথিৰা আবেলিত
মনে মোৰ কহুৱা হৈ হালি জালি চায়।
দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে….
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
Duronir Paharor Song Video