Tumi Junak Lyrics – Neel Akash, Ereka

Tumi Junak Lyrics: The song is sung by Neel Akash and Ereka. The Assamese song Tumi Junak lyrics is written by Buddha Jyoti Bezbaruah and has music by Pranoy Dutta. The music video of the Tumi Junak song is directed by Tiraap Simanta Medhi and it Starring Celesti Bairagey, Yasashree Bhuyan and Deepjyoti Mahanta.

Tumi Junak Song Credits:

Assamese Song: Tumi Junak
Singer: Neel Akash, Ereka
Music: Pranoy Dutta
Lyrics: Buddha Jyoti Bezbaruah
Director: Tiraap Simanta Medhi
Cast: Celesti Bairagey, Yasashree Bhuyan, Deepjyoti Mahanta

 

Tumi Junak Lyrics

তুমি হৈ তোমাতেই আছোঁ মই, চোৱাঁনা নিজতে বিচাৰি
মৰমৰ এধানি তুমি যেন ৰ’দৰ সুৰভি

কিদৰেনো মই বুজাওঁ তোমাক!
তুমি কাষৰত মানেই জোনাক
বুকুৰ সপোনজাকে দিয়ে
মাথোঁ অনুভৱ আজি তোমাৰ

এতিয়া সপোন-নদীৰ পাৰত শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ তোমাৰ য’ত তুমি জোনাক
এতিয়া সপোন-নদীৰ পাৰত শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ তোমাৰ য’ত তুমি জোনাক

তুমি চোৱাঁ মোলে’, তুমি চোৱাঁ, তুমি চোৱাঁ মোলে’
তুমি ৰোৱাঁ মোৰ হৈয়ে, ৰোৱাঁ চিৰজীৱনলে’
তুমি চোৱাঁ মোলে’, তুমি চোৱাঁ, তুমি চোৱাঁ মোলে’
তুমি ৰোৱাঁ মোৰ হৈয়ে, ৰোৱাঁ চিৰজীৱনলে’

এখনি অকণমানি পৃথিৱী তুমি মোৰ
তোমাৰেই ভাৱনাতে মই আজি বিভোৰ
পোহৰৰ ছবি তুমি হিয়াৰে কোণৰ
ৰৈ যোৱা বাটৰ তুমি খোজ আৱেগৰ

জীৱনৰ প্ৰতিটো পুৱতিৰ এমুঠি ৰ’দ হৈ
কাষতে ৰ’বানে প্ৰেৰণাৰ এখনি নদী হৈ?
দুখৰ সাগৰ ভেদি, সূৰুয খেদি বিচাৰি যাম পোহৰ
এন্ধাৰতো ৰ’বাহি মৰমৰ আভা হৈ তুমি

এতিয়া সপোন-নদীৰ পাৰত শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ তোমাৰ য’ত তুমি জোনাক
এতিয়া সপোন-নদীৰ পাৰত শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ তোমাৰ য’ত তুমি জোনাক

এতিয়া সপোন-নদীৰ পাৰত শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ তোমাৰ য’ত তুমি জোনাক
এতিয়া সপোন-নদীৰ পাৰত শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ তোমাৰ য’ত তুমি জোনাক

তুমি চোৱাঁ মোলে’, তুমি চোৱাঁ, তুমি চোৱাঁ মোলে’
তুমি ৰোৱাঁ মোৰ হৈয়ে, ৰোৱাঁ চিৰজীৱনলে’
তুমি চোৱাঁ মোলে’, তুমি চোৱাঁ, তুমি চোৱাঁ মোলে’
তুমি ৰোৱাঁ মোৰ হৈয়ে, ৰোৱাঁ চিৰজীৱনলে’

Tumi Junak Song Video